BREAKING

6/recent/ticker-posts

অসম চৰকাৰে জাৰি কৰিলে Unlock-1ৰ নিৰ্দেশনা। কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব? Lockdown5.0

ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে ‘Unlock1’
‘Unlock1’ৰ বাবে ৰাজ্য চৰকাৰেও জাৰি কৰিছে বিশেষ নীতি নিৰ্দেশনা-


কি কি #খোলা থাকিব 👇

◆৮ জুনৰ পৰা  ধৰ্মীয় অনুষ্ঠান খোলাৰ অনুমতি। কিন্তু এঘণ্টাত ২০ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানে অহা লোকক পেপাৰ টোকেন দিয়া হ’ব।

◆হোটেল-ৰেষ্টুৰেণ্ট আদি ৮ জুনৰ পৰা খোলিব পাৰিব।  কিন্তু ৫০ শতাংশ চিটিং কেপাচিটীৰেহে । সামাজিক দুৰত্ব বাধ্যতামূলক।

◆পুৱা প্ৰাতঃ ভ্ৰমণ কৰিব পাৰিব।

◆৮ জুনৰ পৰা শ্বপিং ম’ল খোলা হ’ব।

◆চুলি কটাৰ বাবেহে চেলুন আৰু পাৰ্লাৰ খোলাৰ অনুমতি। কিন্তু মাস্ক আৰু হেণ্ড গ্লোভচ পিন্ধাটো বাধ্যতামূলক।

◆আজিৰে পৰা ৰাজহুৱা স্থানত চলচিত্ৰৰ দৃশ্যগ্ৰহণ কৰিব পাৰিব।

◆দুছকীয়া বাহনত এজনহে যাব পাৰিব। কিন্তু মহিলা আৰু ১২ বছৰৰ তলৰ শিশুৰ বাবে ৰেহাই।

কি কি #বন্ধ থাকিব 👇

◆বন্ধ থাকিব জিম, চিনেমা হ’ল, পাৰ্ক, থিয়েটাৰ হল, চুইমিং পুল।

◆ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব।

◆স্কুল-কলেজ, কোচিং চেণ্টাৰ বন্ধ থাকিব পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত।

◆নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন অব্যাহত থাকিব।

◆গৰ্ভৱতী মহিলা, জটিল ৰোগত আক্ৰান্ত ব্যক্তি, ৬৫ বছৰীয়া ব্যক্তি, ১০ বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ আহ্বান।

কণ্টেইনমেণ্ট জ’নত জৰুৰী সেৱাৰ বাহিৰে কোনো সেৱা উপলব্ধ নহ’ব।

#lockdown5 #unlock1

Post a Comment

0 Comments