BREAKING

6/recent/ticker-posts

পথ নে পুখুৰী? বঙাইগাঁও চহৰৰ অতি ব্যস্ত এটি পথৰ দুৰ্গম পৰিস্থিতি।

Bongaigaon Times: Bongaigaon: 02.10.2020

বঙাইগাঁও চহৰৰ অতি ব্যস্ত এটি পথৰ দুৰ্গম পৰিস্থিতি। বঙাইগাঁও চহৰৰ চিলাৰায় উৰণীয়া সেতুৰ পৰা নিউ বঙাইগাঁও ষ্টেচনলৈ যোৱা পথটিৰ অৱস্থা ইমানেই বেয়া যে কিছু অংশ পুখুৰী সদৃশ হৈ পৰিছে।

bad condition of road in bongaigaon near new bongaigaon station

বঙাইগাঁও চহৰৰ চিলাৰায় উৰণীয়া সেতুৰ পৰা নিউ বঙাইগাঁও ষ্টেচনলৈ যোৱা পথটিৰ কিছু অংশ বহু দিনৰ পৰা ভাঙি পৰিছে, ফলত সৃষ্টি হৈছে ডাঙৰ গাত। বাৰিষাৰ পানী জমা হৈ গাতবোৰ এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

bad condition of road in bongaigaon near new bongaigaon station

ডাংতল, নিউ বঙাইগাঁও এলেকাৰ লোকসকলৰ বাবে বঙাইগাঁও চহৰলৈ অহা এতিয়া হৈ পৰিছে কঠিন কেৱল মাত্ৰ এই ভঙা অংশ খিনিৰ বাবে।

bad condition of road in bongaigaon near new bongaigaon station


বহু দিনৰ পৰা এই পথটিৰ অৱস্থা বেয়া হৈ আছে আৰু এই পথ ব্যৱহাৰ কৰিছে সাধাৰণ মানুহৰ লগত ৰেলৰ বিষয় ববীয়া সকল, জিলা প্ৰশাসনৰ বিষয় ববীয়া সকল আৰু মন্ত্ৰী বিধায়ক, কিন্তু তথাপিও কিয় তেওঁলোকৰ চকু পৰা নাই এই দুৰ্গম পথটিৰ ওপৰত, এয়া এক ডাঙৰ প্ৰশ্ন।

WATCH THE VIDEO

Post a Comment

0 Comments