BREAKING

6/recent/ticker-posts

বঙাইগাঁও জিলাত জল জীৱন মিছনৰ অধীনত গৃহ সংযোগেৰে পানী যোগানৰ শুভাৰম্ভ

বঙাইগাঁও,৩১ জুলাই : সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে আজি স্থানীয় বিধায়কে জল জীৱন মিছনৰ অধীনত গৃহ সংযোগেৰে বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰে। 

Inauguration of drinking water supply facility at Bongaigaon under Jal Jiban Mission. Bongaigaon Times

জিলাখনৰ আটুগাঁও গাঁও-পঞ্চায়তৰ মামুগাঁৱত জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানী ঘৰে ঘৰে দিয়া আঁচনি মুকলি কৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। আজিৰ তাৰিখলৈ জিলাখনৰ ১০,১২২ টা পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে খোৱাপানীৰ গৃহ সংযোগ কৰা হৈছে। প্ৰতিঘৰ লোকৰ দুৱাৰডলিত বিশুদ্ধ খোৱাপানী যোগান দিয়াটোৱে আঁচনিখনৰ উদ্দেশ্য ।

জিলাখনৰ মুঠ ৩২০০০ টা (বত্ৰিছ হেজাৰ) পৰিয়ালত পানী দিব লাগিব। পুৰণি পানী যোগান আঁচনিয়েই যথেষ্ট নহয়। আনহাতে জিলাখনত পুনৰ ১৭৪টা নতুন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। পঞ্চায়তৰ লগ হৈ খোৱাপানী ব্যৱহাৰকাৰী লোকসকলে আগলৈ এই আঁচনিখন চলাই নিব লগিব।

অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ( অনু:জাতি) বিধায়ক প্ৰদীপ সৰকাৰে উত্তৰ শালমাৰা গাঁও-পঞ্চায়তৰ অধীনত বাখলগাঁৱত জল জীৱন মিছনৰ খোৱাপানীৰ আঁচনি মুকলি কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজন কৰা আঁচনি জল জীৱন মিছন । অসম চৰকাৰে আজিৰ দিনটো ধাৰ্য কৰিছে জলজীৱন মিছন আঁচনি মুকলি কৰাৰ বাবে।বিধায়কগৰাকীয়ে কয় যে আমাৰ সমাজৰ সকলো লোকে জল জীৱন মিছন চলাব লাগিব। আমি এবেলা এমুঠি নাখায়ো চলিব পাৰো, কিন্তু বিশুদ্ধ খোৱাপানী অবিহনে আমি চলিব নোৱাৰো। অভয়াপুৰীত বহু গাঁও-পঞ্চায়তত বিশুদ্ধ খোৱা পানীৰ অভাৱ। বৰিং কৰিলে বহু তললৈ বৰিং কৰিব লাগে। কিন্তু জল জীৱন মিছনত ধনী-দুখীয়া বুলি কোনো কথা নাই। আমাৰ প্ৰত্যেকৰে খোৱা পানীৰ অসুবিধা আছে। গতিকে প্ৰতিখন গাঁও-পঞ্চায়ততে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা দৰকাৰ। আগন্তুক দিনত ৰাইজৰ সুবিধাৰ বাবে ব্যৱস্থা লোৱা হ'ব। এইক্ষেত্ৰত মহকুমাধিপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰো দায়িত্ব আছে। স্থানীয় ৰাইজে এই আঁচনি নিজৰ আঁচনি বুলি ভাৱি ভালদৰে ব্যৱহাৰ কৰে যেন-এইবুলিও কয় বিধায়কগৰাকীয়ে। 

উত্তৰ শালমাৰা গাঁও-পঞ্চায়তৰ আজিৰ আঁচনি মুকলি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাডিৰা জেচমিন, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰী আৰু পঞ্চায়তখনৰ সভানেত্ৰী আৰু বিভাগটোৰ আন বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে চক্ৰভূম গাঁও-পঞ্চায়তত জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানী যোগানৰ গৃহ সংযোগেৰে খোৱাপানী যোগান মুকলি কৰে।

Post a Comment

0 Comments