BREAKING

6/recent/ticker-posts

খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগত কোচ-ৰাজবংশী ভাষা-ক'লা-সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ মত বিনিময়

বঙাইগাঁও, ৭ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত লয় যে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষা,কলা-সংস্কৃতি,ধৰ্মীয় বিশ্বাস আদি সংৰক্ষণৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীৰ বিশ্বাস আৰু সংস্কৃতি নামেৰে এটা বিভাগ সৃষ্টি কৰিছে। ইয়াৰ বাবে অসমৰ জিলাসমূহক চাৰিটা ভাগত বিভক্ত কৰি তাৰ অধীনৰ জিলাসমূহত একোটাকৈ দলক যাবলৈ নিৰ্দেশ দিয়া হৈছে। সেই দলটিয়ে নিৰ্দিষ্ট জিলাকেইখনৰ জনগোষ্ঠী যেনে কাৰ্বি,মিচিং,মৰাণ,মটক,তিৱা আদিকৰি বিভিন্ন জনগোষ্ঠীৰ ভাষা,কলা-সংস্কৃতি,বিশ্বাস আদি সম্পৰ্কত সেই জনগোষ্ঠীৰ নেতৃস্থানীয় লোক বা সাহিত্য-সংস্কৃতি চৰ্চা কৰা লোকৰ লগত মত বিনিময় কৰি তেওঁলোকৰ মতামতবোৰ প্ৰতিবেদন আকাৰে চৰকাৰক জনাব।

খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগত কোচ-ৰাজবংশী ভাষা-ক'লা-সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ মত বিনিময়

সেই উদ্দেশ্য লৈয়েই যোৱাকালি বিয়লি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু উপাধ্যক্ষ ডা:নোমল মমিন বঙাইগাঁৱত উপস্থিত হয়। বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন,সাহিত্যিক,চিনেমা নিৰ্মাতা,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য তথা নেতৃস্থানীয় লোকৰ সৈতে বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিত দৈমাৰী আৰু উপাধ্যক্ষ ডা: নোমল মমিনে মত বিনিময় কৰে। এই জনগোষ্ঠীটোৰ কলা-সংস্কৃতি,ভাষা,খাদ্যাভ্যাস,গীত,নৃত্য আদি যদি সংৰক্ষণ কৰি ৰখা হয় তেতিয়া অইন জনগোষ্ঠীৰ লোকে বা বিদেশৰ পৰা অহা লোকেও সেই সংস্কৃতিৰ বিষয়ে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতিৰ বিষয়ে জানিব পাৰিব। গতিকে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে চৰকাৰৰ লগত সহযোগ কৰক।

যোৱাকালি কোচ-ৰাজবংশী সন্মীলনী,কোচ-ৰাজবংশী গুৰু লোক সংস্কৃতি,কোচ-ৰাজবংশী ভাষাৰ সাহিত্যিক দ্বীজেন্দ্ৰ নাথ ভকত,কোচ-ৰাজবংশী চিনেমা নিৰ্মাতা নীলিময় প্ৰধানী,আলোচনী সম্পাদক ধনঞ্জয় সিংহ,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন আৰু কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়, বঙাইগাঁও কলেজৰ অধ্যক্ষা ৰূপাঞ্জলী দেৱী, অতুল চন্দ্ৰ ৰায়, কমল বৰ্মন, আক্ৰাছুৰ প্ৰাক্তন নেতা ক্ষীতিশ বৰ্মন, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী কাউন্সিলৰ হিমানী অধিকাৰী আদি বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ মতামত দাঙি ধৰে।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয় যে সভাত জনগোষ্ঠীটোৰ বিভিন্ন নেতৃস্থানীয় লোকে দাঙি ধৰা মতামত চৰকাৰৰ ওচৰত প্ৰতিবেদন আকাৰে উপস্থাপন কৰা হ'ব আৰু চৰকাৰৰ প্ৰস্তাৱিত বিভাগৰ অধীনত সংৰক্ষণ,প্ৰচাৰ আদি কৰা হ'ব। প্ৰয়োজন হ'লে চৰকাৰে আকৌ আলোচন কৰিব জনগোষ্ঠীটোৰ নেতৃস্থানীয় লোকৰ সৈতে। এইক্ষেত্ৰত কোচ-ৰাজবংশী লোকসকলে চৰকাৰৰ লগত সহায়-সহযোগিতা আগবঢ়াব লাগিব।

যোৱাকালিৰ সভাত বঙাইগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাডিৰা জেচমিন,অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা আৰু উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীও উপস্থিত থাকে।


BONGAIGAON TIMES

Post a Comment

0 Comments