BREAKING

6/recent/ticker-posts

প্ৰতি সোমবাৰে বঙাইগাঁৱত বিশাল টীকাকৰণ অভিযান

বঙাইগাঁও, ২৩ ছেপ্টেম্বৰ : বঙাইগাঁও জিলাত সপ্তাহৰ প্ৰতি সোমবাৰে বিশাল টীকাকৰণ অভিযান চলাবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া( আই এ এচ) ই।


আজি উপায়ুক্তৰ সভাকক্ষত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য সেৱা বিষয়া, জিলা টীকাকৰণ বিষয়া, জিলা আঁচনি প্ৰবন্ধক, জিলা সমাজ কল্যাণ বিষয়া, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক আদি বিষয়াসকলৰ সৈতে হোৱা এখন সভাত এই কথা ব্যক্ত কৰে উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই।

বঙাইগাঁও জিলাৰ ৮০ শতাংশৰো অধিক লোকে প্ৰথম পালি কোভিড টীকা লৈছে যদিও দ্বিতীয় পালি কোভিড টীকা এতিয়াও বেছি সংখ্যক লোকেই ল'বলৈ বাকী আছে। গতিকে তেওঁলোকক কোভিড টীকা ল'বলৈ সজাগ কৰিবলৈ আশা কৰ্মী,অংগনৱাডী কৰ্মী, শিক্ষক, জীৱিকা সখী তথা গাঁও-পঞ্চায়তৰ সচিবসকলক দায়িত্ব দিয়া হৈছে। সকলো লোককে কোভিড-১৯ প্ৰতিষেধক উপলব্ধ কৰোৱাটোৱেই হৈছে এই বিশাল টীকাকৰণ অভিযানৰ উদ্দেশ্য।


অৱশ্যে অহা সপ্তাহত বিশেষ কাৰণবশত:মংগলবাৰে অৰ্থাৎ ২৮ ছেপ্টেম্বৰ,২০২১ ইংৰাজী তাৰিখে বিশাল টীকাকৰণ অভিযান সম্পন্ন কৰা হ'ব। বিশাল টীকাকৰণ অভিযান চিকিৎসা তথা স্বাস্থ্য বিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত বা আন কাৰ্যবাহী দণ্ডাধীশ একোগৰাকীয়ে চোৱাচিতা কৰিব।


Bongaigaon Times

Post a Comment

0 Comments