BREAKING

6/recent/ticker-posts

স্থানান্তৰ কৰা হ'ব বঙাইগাঁৱৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানটো

বঙাইগাঁও,২৪মে': বিগত সময়ছোৱাত বঙাইগাঁৱৰ মায়াপুৰী-বৰপাৰা পথ(গান্ধী ময়দানৰ সমীপত)ত থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ পৰা বাছ আৰু কাৰ্যালয়ৰ কাম-কাজ চলি আছিল। কিন্তু বঙাইগাঁও চহৰৰ একেবাৰে কেন্দ্ৰবিন্দুত থকা এই বাছ আস্থানটো একেবাৰে ঠেক হোৱা বাবে বিভিন্ন মহলৰ পৰা ওজৰ-আপত্তি আহিছিল আৰু উক্ত বাছ আস্থানটো আহল-বহল ঠাইলৈ স্থানান্তৰ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছিল।

BONGAIGAON ASTC BUS STAND WILL BE SHIFTED TO BORPARA FROM 26 MAY 2022.

সেইমৰ্মে জিলাখনত অসম ৰাজ্যিক বাছ আস্থানটো পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰ কৰাৰ বাবে চহৰখনৰ বৰপাৰাত নতুন এটা বাছ আস্থান নিৰ্মাণ কৰা হয়। ইতিমধ্যে বৰপাৰাৰ বাছ আস্থানটো মুকলিও কৰা হয় কিছুদিন পূৰ্বে। বৰপাৰাত নিৰ্মাণ কৰা বাছ আস্থানটো বঙাইগাঁও পৌৰসভা ,অসম বিদ্যুৎ বিতৰণ কোম্পানী আৰু অসম ৰাজ্যিক পৰিবহন বিভাগে অত্যাৱশ্যকীয় খোৱা পানী, বিদ্যুৎ ব্যৱস্থা আৰু অনাময় ব্যৱস্থা আদি চাই ব্যৱস্থা গ্ৰহণ কৰিছে।

অহা ২৬মে',২০২২ ইংৰাজী তাৰিখে পূৰ্বৰ ঠাইৰ পৰা বৰপাৰালৈ সমূহ বাছ স্থানান্তৰ কৰা হ'ব। সদ্যহতে কাৰ্যালয়ৰ কাম-কাজ পূৰ্বৰ স্থানৰ পৰা চলি থাকিব। যেতিয়া কাৰ্যালয়ৰ কাম-কাজৰ বাবে বৰপাৰা বাছ আস্থানত সকলো সুবিধা উপলব্ধ হ'ব তেতিয়াই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বঙাইগাঁৱৰ কাৰ্যালয়টো বৰপাৰালৈ স্থানান্তৰ কৰা হ'ব আৰু পূৰ্বৰ ঠাইখিনি বেৰ দি আৱৰি ৰখা হ'ব বুলি বঙাইগাঁৱত থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ সংমণ্ডল অধীক্ষকে জানিবলৈ দিছে।

পূৰ্বৰ বাছ আস্থানৰ পৰা ২৬মে',২০২২ ইংৰাজী তাৰিখৰ পৰা কোনোধৰণৰ বাছ নচলিব। বাছ আস্থানৰ চাফ-চিকুণতা,সা-সুবিধা আৰু ডাষ্টবিন আদিৰ ব্যৱস্থা বঙাইগাঁও পৌৰসভাই কৰিব।

অহা ২৭মে',২০২২ ইংৰাজী তাৰিখৰ পৰা বৰপাৰা বাছ আস্থানৰ পৰা বাছ চলিব।


BONGAIGAON TIMES

Post a Comment

0 Comments