BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত ক্ৰমশ: উন্নত হৈছে বান পৰিস্থিতি

বঙাইগাঁও, ২২জুন: লাহে লাহে বান পৰিস্থিতি উন্নত হৈছে বঙাইগাঁও জিলাত। আজি বানৰ কবলত থকা গাঁও হৈছে ৮০খন, য'ত নেকি যোৱাকালি বানাক্ৰান্ত গাঁও আছিল ১৬৭খন। বানাক্ৰান্ত গাঁওসমূহৰ মুঠ ৭৪৫৪২গৰাকী লোকৰ বাবে জিলা প্ৰশাসনে খাদ্য সামগ্ৰী, অন্যান্য সহায়ক সামগ্ৰী প্ৰদান, চিকিৎসা ব্যৱস্থা আদি অব্যাহত ৰাখিছে।

flood condition improves in Bongaigaon

জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ তৎপৰতাত জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লোক, ৰাজহ চক্ৰ কাৰ্যালয়ৰ লোক, যোগান বিভাগৰ লোক, স্বাস্থ্য বিভাগৰ লোক, লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিয়ে বানাক্ৰান্ত লোকসকলৰ বাবে সকলো ধৰণৰ সহায়-সাহায্য প্ৰদান কৰি আছে। উপায়ুক্ত শ্ৰী পাঠকে সকলো বানাক্ৰান্ত এলেকাত নিজে গৈ বন্যাৰ্তৰ সমস্যাৰ বুজ লৈ আছে।

আজি মাণিকপুৰত ৩টা,বইটামাৰীত ২টা আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰত ১০টা(মুঠ ১৫টা) আশ্ৰয় শিবিৰত ৪৪৭৯গৰাকী লোকে আশ্ৰয় লৈ আছে। ইয়াৰে ভিতৰত ১২২৩টি শিশু আৰু ৭৭গৰাকী গৰ্ভৱতী মহিলা আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃও আছে। ১৬টা সাহায্য বিতৰণ কেন্দ্ৰযোগে বন্যাৰ্তসকলৰ মাজত সাহায্য বিতৰণ কৰা হয়। ১৬টা চিকিৎসা সেৱাৰ দলে বানাক্ৰান্তসকলক চিকিৎসা সেৱা আগবঢ়াই আছে।

আজি বানাক্ৰান্ত লোকসকলক চাউল ১৬৪.০৪কুইন্টল, দাইল ৩১.৫২কুইন্টল, নিমখ ৯.৪৪কুইন্টল, মিঠাতেল ৩২০.১০লিটাৰ আৰু শিশুখাদ্য দিয়া হয়। ইয়াৰ উপৰিও মাডাৰ হৰলিক্স, বিস্কুট, আমূল টাজা গাখীৰ আদিও দিয়া হৈছে। আনহাতে খাদ্য সামগ্ৰীৰ উপৰিও ব্লিচিং পাউদাৰ, হেলোজেন টেব্লেট, ফেনাইল, হেণ্ড টিউবেল, ত্ৰিপাল, মহখেদা ধূপ, চেনিটাৰী নেপকিন, ডাষ্টবিন আদিও বানাক্ৰান্ত লোকসকলক যোগান ধৰা হৈছে।

আনহাতে যোৱাকালি জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী হিচাপে আগবঢ়োৱা হৈছিল চাউল ১২৩৭.৫২কুইন্টল, দাইল ২৩৩.৫৭কুইন্টল, নিমখ ৭০.০১কুইন্টল আৰু মিঠাতেল ২১৩৫.০৪লিটাৰ।

Post a Comment

0 Comments