BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত "স্বচ্ছতা হি সেৱা" পষেকৰ শুভাৰম্ভণি

বঙাইগাঁও টাইমছ্: ১৭ছেপ্টেম্বৰ : বঙাইগাঁও জিলাত "স্বচ্ছতা হি সেৱা-২০২২" পষেকৰ শুভাৰম্ভণি কৰা হয় ১৬ ছেপ্টেম্বৰ,২০২২ ইংৰাজী তাৰিখে। জিলা উপায়ুক্ত নবদ্বীপ পাঠকে শুকুৰবাৰে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এক অনুষ্ঠানযোগে এই "স্বচ্ছতা হি সেৱা"-পষেকীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

Swachhata Hi Seva Campaign in Bongaigaon

এই "স্বচ্ছতা হি সেৱা"-পষেক ১৫ছেপ্টেম্বৰৰ পৰা ২অক্টোবৰ,২০২২ ইংৰাজী তাৰিখলৈ চলিব। উপায়ুক্তগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে বঙাইগাঁও জিলা স্বচ্ছতাৰ ক্ষেত্ৰত তুলনামূলকভাৱে আগশাৰীত আছে। গতিকে আমাৰ চহৰাঞ্চল যেনেদৰে আৱৰ্জনামুক্ত কৰি বাসিন্দাসকলক সুস্থভাৱে জীৱন যাপন কৰাৰ প্ৰয়াস কৰা হৈছে তেনেদৰে গ্ৰাম্যাঞ্চলো আৱৰ্জনামুক্ত কৰি সুস্থ পৰিৱেশ অটুত ৰখাৰ বাবে কাম কৰিব লাগিব। এইক্ষেত্ৰত গাঁও-পঞ্চায়তৰ সভাপতি-সচিবসকলৰ গুৰু দায়িত্ব আছে। 

চহৰাঞ্চলত প্লাষ্টিকৰ ব্যৱহাৰ যেনেদৰে দেখা যায় তেনেদৰে গ্ৰাম্যাঞ্চলতো প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট কৰা হয় যিবোৰ আৱৰ্জনা সহজে নষ্ট নহয়। গতিকে গাঁও এলেকাৰ লোকসকলকো সুস্থ পৰিৱেশ বজাই ৰখাৰ বাবে সজাগ কৰিব লাগিব। আৰু আৱৰ্জনাবোৰ অৰ্থাৎ ভিজা আৱৰ্জনা আৰু গোটা আৱৰ্জনা ভাগ ভাগ কৰি নিস্কাশন কৰাৰ বাবে সজাগ কৰিব লাগিব বুলিও কয় উপায়ুক্ত শ্ৰী পাঠকে। সেইবাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত জনস্বাস্থ্য কাৰিকৰী বিভাগে আৱৰ্জনা নিস্কাশনৰ বাবে এই স্বচ্ছতাই সেৱা কাৰ্যসূচী হাতত লৈছে। ইয়াৰ অধীনত আৱৰ্জনা সংগ্ৰহ গৃহ বনাই আৱৰ্জনা -ভিজা আৰু গোটা-ভাগ ভাগ কৰি ৰাখি সেইবোৰৰ গোটা আৱৰ্জনা নষ্ট কৰাৰ ব্যৱস্থা আৰু ভিজা আৱৰ্জনা জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত গাঁও-পঞ্চায়তৰ সভাপতি-সচিবে আৱৰ্জনা সংগ্ৰহ গৃহ বনোৱা বা শোষক গাঁত( চকপীত) বনোৱা আদি কাম কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগক সহায় কৰিব লাগিব। ইয়াৰ বাবে ৩০শতাংশ পুঁজি জনস্বাস্থ্য কাৰিকৰী বিভাগে আৰু ৭০শতাংশ পুঁজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চদশ বিত্তীয় আয়োগৰ পৰা প্ৰদান কৰিব।

এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদীৰা জেচমিনেও উপস্থিত থাকি গাঁও-পঞ্চায়তৰ সভাপতি-সচিবসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সমাপ্ত কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত(জনস্বাস্থ্য কাৰিকৰী)জেনিফাৰ য়াচমিন চৌধুৰীও উপস্থিত থাকে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লোকসকলক আৱৰ্জনা নিস্কাশনৰ ক্ষেত্ৰত এই সহায় আগবঢ়াই আমাৰ চাৰিওফালৰ পৰিৱেশ সুস্থ কৰি ৰখাত অৰিহনা যোগাবলৈ আহ্বান জনায়।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আই-ই-চি(IEC Consultant) বিষয়া ভনীতা দেৱীয়ে "স্বচ্ছতা হি সেৱা"পষেকৰ বিষয়ে এক আভাস দিয়ে পঞ্চায়ত প্ৰতিনিধিসকলক।

এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ লগতে খণ্ড উন্নয়ন বিষয়া তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সভাপতি-সচিবসকলে অংশগ্ৰহণ কৰে।

-BONGAIGAON TIMES

Post a Comment

0 Comments