BREAKING

6/recent/ticker-posts

বঙাইগাঁও জিলাত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০তম জয়ন্তী পালনৰ কাৰ্যসূচী

Bongaigaon: 19th November 2022 :
ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০তম জয়ন্তী পালনৰ কাৰ্যসূচী যোৱাকালিৰে পৰা আৰম্ভ হৈছে।

Schedule of Lachit Diwas celebration at Bongaigaon

যোৱাকালি আছিলে বঙাইগাঁও আৰক্ষীৰ মাৰ্চপাষ্ট।আজি জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
 
 
২০নবেম্বৰ:

শ্বহীদ বেদী-চাপাগুৰি -অভয়াপুৰী পথত হৰ্ডিং আৰু লাচিত বৰফুকনৰ প্ৰতিচ্ছৱি স্থাপন, চাফাই অভিযান, কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ ঠাকুৰাণীপাৰাত বৃক্ষৰোপন, বঙাইগাঁও আৰু উত্তৰ শালমাৰাত ৰক্তদান শিবিৰ, জিলাখনৰ ৫টা উন্নয়ন খণ্ড এলেকাতে স্বাস্থ্য শিবিৰ, চিলাৰায় উৰণ সেতুত আলোকসজ্জা আদি।


২১নবেম্বৰ:

বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা চাইকেল ৰেলী, উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা টাপাট্টাৰী উন্নয়ন খণ্ডলৈ বাইক ৰেলী, অভয়াপুৰীত আত্ম-সহায়ক গোটৰ সদস্যৰ মাজত সংগীত আৰু বক্তৃতা প্ৰতিযোগিতা, জিলাখনৰ পাঁচোটা উন্নয়ন খণ্ড কাৰ্যালয় আৰু ৬৫খন গাঁও-পঞ্চায়ত কাৰ্যালয়তে লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তী সম্পৰ্কত বিভিন্ন কাৰ্যসূচী।


২২নবেম্বৰ:

বঙাইগাঁও জিলাৰ পাঁচোটা ৰাজহ চক্ৰ সামৰি ১২টা ব্যস্ত এলেকাত বাটৰ নাট প্ৰদৰ্শন, বৰ্ষণগাঁও ষ্টেডিয়ামত স্কুলীয়া ছাত্ৰীৰ মাজত ভলীবল প্ৰতিযোগিতা, স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বেডমিন্টন প্ৰতিযোগিতা, বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বক্তৃতা আৰু দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা।


২৩নবেম্বৰ:

বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৰচী টনা, টেকেলি ভঙা আদি থলুৱা খেল, ঝেলকাঝাৰত থকা ব্ৰেইনট্ৰী আন্তৰ্জাতিক বিদ্যালয় খেল পথাৰত পৰম্পৰাগত ধনু-কাঁড় খেল, অভয়াপুৰী জিলা কাৰাগাৰত সমবেত সংগীত আৰু ভলীবল প্ৰতিযোগিতা, অভয়াপুৰীত জ্যোতি সাংস্কৃতিক অনুষ্ঠানত চিত্ৰাংকণ প্ৰতিযোগিতা, বীৰঝৰা পাব্লিক লাইব্ৰেৰীত কুইজ প্ৰতিযোগিতা, জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়া।


২৪নবেম্বৰ:

ৱাকিং জ'নত মাটিৰ চাকিৰে আলোকসজ্জা আৰু 


২৫নবেম্বৰ:

প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ প্ৰদান আৰু নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ।

কাৰ্যসূচীসমূহত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰা হৈছে।




Post a Comment

0 Comments