BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

বঙাইগাঁও, ১৬ নবেম্বৰ : বঙাইগাঁও জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু জিলা প্ৰশাসনৰ সহযোগত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।

National Press Day observed at Bongaigaon

এই উদ্দেশ্যে আয়োজিত আলোচনা চক্ৰ তথা সভাত সভাপতিত্ব কৰে উক্ত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই। এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত নবদ্বীপ পাঠক, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অসমীয়া প্ৰতিদিনৰ বঙাইগাঁও সংস্কৰণৰ আৱাসিক সম্পাদক হেমন্ত কুমাৰ শৰ্মা ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বছৰৰ মূল বিষয়বস্তু "ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমৰ ভূমিকা"সন্দৰ্ভত সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি অনা ধুবুৰী ভোলানাথ কলেজৰ অধ্যাপক ড:উপেন্দ্ৰজিৎ শৰ্মাই বিষয়বস্তুৰ ওপৰত বক্তব্য ৰাখে।

মুখ্য অতিথিৰ ভাষণত উপায়ুক্ত নবদ্বীপ পাঠকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে সমূহ সাংবাদিককে শুভেচ্ছা জনায় আৰু সাংবাদিকসকলে প্ৰশাসনক আগবঢ়াই অহা সহযোগিতাৰ বাবে ধন্যবাদ জনায়।

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সাংবাদিকসকলে কৰ্ম জীৱনত থকা প্ৰত্যাহ্বানকো নেওচি যি সেৱা আগবঢ়াই আহিছে সেই বিষয়ে তেওঁৰ বক্তব্যত প্ৰতিফলিত কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তেজেশ ত্ৰিপাথীয়েও বক্তব্য ৰাখে।

অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া বিনু ৰাণী ৰাজবংশীয়ে।



Post a Comment

0 Comments