কেইদিনমান আগতে অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ সভাত সদস্যসকলে মত পোষণ কৰিছিল যে ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথত যথেষ্ট সংখ্যক ই-ৰিক্সা চলোৱা পৰিলক্ষিত হয়, বিশেষকৈ চাপাগুৰিৰ পৰা শ্বহীদ বেদীলৈ আৰু শ্বহীদ বেদীৰ পৰা শালমাৰালৈ দিনে-নিশাই ই-ৰিক্সাসমূহ চলাই থকা দেখা যায় যাৰ ফলত পথ সুৰক্ষাৰ বাবে জিলা পথ সুৰক্ষা সমিতিয়ে কৰা প্ৰয়াস বাধাগ্ৰস্ত কৰিব পাৰে।
বঙাইগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলেও প্ৰশাসনক ই-ৰিক্সাৰ চলাচলৰ বাবে হোৱা অসুবিধাৰ কথা বাৰম্বাৰ জনাই আছে।
বঙাইগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলেও প্ৰশাসনক ই-ৰিক্সাৰ চলাচলৰ বাবে হোৱা অসুবিধাৰ কথা বাৰম্বাৰ জনাই আছে।
ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথত গধুৰ যান-বাহন,মজলীয়া তথা লঘু যান-বাহন নিৰ্দিষ্ট গতিত গৈ নিজৰ গন্তব্য স্থান পোৱাৰ তাগিদা থাকে। ঘাইপথসমূহত বৰ্ধিত সংখ্যক ই-ৰিক্সাৰ চলাচলে খোজকাঢ়ি যোৱা লোকসকলৰ বাবে অসুবিধাৰ সৃষ্টি কৰে তথা দুৰ্ঘটনাৰ কাৰক হ'ব পাৰে। যিহেতু যান-বাহন আইন অনুসৰি জিলা আয়ুক্ত তথা আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ অধ্যক্ষক জিলাৰ পৰিসীমাত যান-বাহনৰ চলাচলৰ সুবিধাৰ্থে তথা জনসাধাৰণৰ নিৰাপত্তাৰ খাতিৰত নিষেধাজ্ঞা জাৰি কৰাৰ কৰ্তৃত্ব দিয়া হৈছে সেয়ে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে পূৰ্বতে দিয়া নিৰ্দেশনা বাহাল ৰাখি লগতে জিলা পথ সুৰক্ষা সমিতিৰ অলপতে হৈ যোৱা সভাৰ সন্মতি সাপেক্ষে কেবাটাও নিৰ্দেশনা জাৰি কৰিছে।
উক্ত নিৰ্দেশনা অনুসৰি ই-ৰিক্সাসমূহ বঙাইগাঁও জিলাৰ পৰিসীমাৰ ভিতৰত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১১৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু চাপাগুৰিৰ পৰা পুৰণি বঙাইগাঁও পথেৰে শালমাৰা হৈ অভয়াপুৰী চহৰলৈ-- ৰাজ্যিক ঘাইপথছোৱাত চলোৱা নিষেধ কৰা হৈছে। ই-ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথ সংযোগ স্থানলৈকেহে চলাব পাৰিব।
উক্ত নিষেধাজ্ঞা জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা পৰিবহন বিষয়াই বলবৎ কৰিব আৰু সংশ্লিষ্ট যান-বাহন আইনৰ দফা অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।
নিষেধ কৰা পথত যদি কোনোবা ই-ৰিক্সাই দুৰ্ঘটনা সংঘটিত কৰে তেনেহ'লে ই-ৰিক্সাৰ মালিকক জবাবদিহি কৰি সংশ্লিষ্ট আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰা হ'ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডৰ মহাপ্ৰবন্ধক, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক তথা লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাই, জিলা আৰক্ষী আৰু জিলা পৰিবহন বিষয়াই এই নিৰ্দেশনাটো সফল ৰূপায়ন কৰাত সহযোগিতা আগবঢ়াব।
জিলা পৰিবহন বিষয়াই ই-ৰিক্সা সংস্থাক এই নিৰ্দেশনাৰ বিষয়ে অৱগত কৰিব যাতে সংস্থাই সকলো ই-ৰিক্সাৰ মালিক আৰু চালকক নিৰ্দেশনাসমূহ মানিবলৈ জনাব পাৰে।
জিলা পৰিবহন বিষয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াক ছপা মাধ্যম তথা বৈদ্যুতিন মাধ্যমত ওপৰোক্ত নিষেধাজ্ঞা প্ৰচাৰ কৰিবলৈও নিৰ্দেশনাটোত কোৱা হৈছে।
ই-ৰিক্সা চলাচল সম্পৰ্কীয় নিৰ্দেশনা ই-ৰিক্সাৰ মালিক,চালক আৰু জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰোপ কৰা হৈছে।
এই নিৰ্দেশনা অমান্য কৰিলে আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উক্ত নিৰ্দেশনা তৎকালীনভাৱে বলবৎ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলিও কোৱা হৈছে।
0 Comments
Please do not enter any Spam Link in the comment box.