BREAKING

6/recent/ticker-posts

উত্তৰ বইটামাৰী নাককাটি পাহাৰত হৰিণ ,বন গাহৰি চিকাৰ কৰিব আহি স্থানীয় ৰাইজৰ হাতত আটক হয় তিনি চোৰাং চিকাৰী

Bongaigaon Times: BOITAMARI :০৯/০৪/২০২০
Citizen Reporter: শিৱেন নাৰায়ণ দেৱ,বইটামাৰী, বঙাইগাঁও

উত্তৰ বইটামাৰী নাককাটি পাহাৰত হৰিণ , বন গাহৰি চিকাৰ কৰিব আহি স্থানীয় ৰাইজৰ হাতত আটক হয় তিনি চোৰাং চিকাৰী ।
উত্তৰ বইটামাৰী নাককাটি পাহাৰত হৰিণ ,বন গাহৰি চিকাৰ কৰিব আহি স্থানীয় ৰাইজৰ হাতত আটক হয় তিনি চোৰাং চিকাৰী

ইন্দ্ৰাচ চাংমা, প্ৰদীপ মাৰাক , ইন্দাৰ মাৰাক তিনিও জনৰ ঘৰ খগৰপুৰ বাঘ পাৰাত ।

পৰ্যতনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠা নাককাটি পাহাৰ শৃগত দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে । সোনালী বান্দৰ , হৰিণ , বনগাহৰী আৰু বিভিন্ন প্ৰজাতিৰ জন্তুৰ ৰম্যভূমি হৈ পৰিছে নাকাকাটি পাহাৰ । তাৰ বিপৰীতে এচাম চোৰাং চিকাৰীয়ে জাল পাতি পাহাৰত জুই লগাই অহৰহ ভাৱে কৰি গৈছে বন্য জন্তু হত্যা ।

স্থানীয় নাককাটি সংঘই পাহাৰ খনত পহৰা দিয়াৰ ব্যৱস্থা কৰাৰ পিছতে বৃহস্পতি বাৰে তিনি চোৰাং চিকাৰী আটক কৰি বন বিভাগক গতাই দিয়ে ।


নাটকাটি সংঘই অসম চৰকাৰ আৰু বন বিভাগক তিনি চোৰাং চিকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায় ।
লগতে নাককাটি পাহাৰ খন সংৰক্ষণ কৰিবলৈ অনুৰোধ জনায় ।


Report by- শিৱেন নাৰায়ণ দেৱ,বইটামাৰী, বঙাইগাঁও

Post a Comment

0 Comments