BREAKING

6/recent/ticker-posts

ৰহস্যময়ী ভাইৰাছ ক’ৰোনা - ডাঃ মুকুল শর্মাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী

Bongaigaon Times: 23.04.2021 : Credit: Dr. Mukul Sharma, Medicity Guwahati

চাওঁতে চাওঁতে প্রায় এটা বছৰেই পাৰ হ’ল ক’ৰোনা ভাইৰাছ আৰু ইয়াৰ ভয়াৱহতাৰ বিষয়ে বিশ্ববাসী অৱগত হোৱাৰ৷ এই বিগত সময়ত ক’ৰোনা ভাইৰাছৰ বিষয়ে বহুতো নতুন নতুন তথ্য আমি লাভ কৰিছোঁ হয়তো আৰু নতুন নতুন তথ্য গৱেষণাৰ পৰা পাই থাকিম৷

covid19 assamese

প্রথম অৱস্থাত ক’ৰোনা সম্পর্কে যি ধাৰণা কৰা হৈছিল যে ই এবিধ সংক্রামক ভাইৰাছ আৰু শৰীৰত প্রৱেশ কৰাৰ পিছত ই জ্বৰ, চর্দি, কাহ, উশাহ–নিশাহৰ সমস্যা ইত্যাদি লক্ষণ উৎপন্ন কৰে৷ কিন্তু দিন যোৱাৰ লগে লগে ভাইৰাছবিধৰ ফলত নিতৌ ন ন লক্ষণৰ বিষয়ে আমি জ্ঞান লাভ কৰি আহি আছোঁ৷

সেয়েহে এই ভাইৰাছবিধক ৰহস্যময়ী mysterious) ভাইৰাছ আখ্যা দিয়া হৈছে৷ এই ভাইৰাছবিধ সংক্রামক হোৱাৰ উপৰি প্রদাহ সৃষ্টিকাৰী inflammatory) ভাইৰাছ হিচাপেও জনা গৈছে৷ ই মানৱ শৰীৰত অকল সংক্রমণেই সৃষ্টি নকৰি প্রদাহো সৃষ্টি কৰে৷ তলত তাৰেই কিছু ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে৷

আমি নাকেৰে উশাহ নিশাহ লওঁ৷ অৱশ্যে কিছুমানে মুখেৰেও উশাহ–নিশাহ লয়৷ নাকেৰে উশাহ লোৱাৰ সময়ত উশাহত গ্রহণ কৰা বায়ুখিনি নাকেৰে সোমাহ naso-pharynx নামৰ অংশত প্রৱেশ কৰে৷ তেনেদৰে মুখেৰে উশাহ লওঁতে বায়ুখিনি গৈoro-pharynx নামৰ অংশত প্রৱেশ কৰে৷ উশাহত গ্রহণ কৰা বাযুখিনিৰ লগত যদি ক’ৰোনা ভাইৰাছো প্রৱেশ কৰে, তেন্তে এই ভাইৰাছবি naso-pharynx বাoro-pharynxত থিতাপি ল’ব পাৰে আৰু সেই অংশত প্রদাহ Inflammation) সৃষ্টি কৰিব পাৰে যাক আমিpharyngitis বুলি কওঁ৷

Naso-pharynx বাoro-pharynx তH2-receptor নামৰ কিছুমান কোষ থাকে৷ ভাইৰাছবিলাকে এই কোষবিলাকত প্রৱেশ কৰি সিহঁতৰ নিজৰ অসংখ্য প্রতিলিপি ভাইৰাছ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে যাকRNA- replication বুলি কোৱা হয় ৷ নাকৰ ভিতৰত ভাইৰাছবিলাকে থিতাপি লোৱাৰ ফলত নাকৰ ভিতৰত সুৰসুৰণি irritation) হৈ অত্যন্ত হঁাচি আহিব পাৰে৷ লগতে নাকৰ অকণমান ওপৰত থিতাপি লৈ তাত থকাolfactory নামৰ স্নায়ুকোষবিলাকক আক্রান্ত কৰিব পাৰে৷ যাৰ ফলত মানুহজনৰ গোন্ধ বা ঘ্রাণশক্তি কমি যাব পাৰে বা লোপ পাব পাৰে৷ আনহাতে মুখৰ ভিতৰত থকাoro-pharynxত ভাইৰাছে থিতাপি লৈpharyngitis ৰোগৰ সৃষ্টি কৰিব পাৰে৷ যাৰ ফলত মানুহজনে ডিঙিৰ ভিতৰত সুৰসুৰণি অনুভৱ কৰিব বা ডিঙিত কিবা লাগি থকা যেন অনুভৱ কৰিব৷ 

যিহেতুoro-pharynxৰ লগতeustachian নামৰ এবিধ নলীৰে আমাৰ কাণৰ লগত সম্পর্কীত হৈ থাকে ফলত দুয়োখন কাণত কিবা শব্দ উৎপন্ন হোৱা যেন অনুভৱ হ’ব পাৰে বা কাণ দুখন বন্ধ হৈ যোৱা যেন অনুভৱ হ’ব পাৰে৷ যেনেদৰে এৰোপ্লেনেৰে উৰা মৰাৰ সময়ত কাণত অনুভৱ হয় তেনে ধৰণৰ অনুভৱ হ’ব পাৰে৷ মুখগহ্বৰৰ পিছত ভাইৰাছ আৰু আগুৱাই গৈ আগত থকা দুডাল নলী শ্বাসনলী respiratory tract) বা পাচক নলী gastro intestinal tract)ত প্রৱেশ কৰিব পাৰে৷ যদি এই ভাইৰাছ পাচক নলীত প্রৱেশ কৰে, তেন্তে পাচক নলীৰ প্রথম অংশ খাদ্যনলীত esophagus) সোমাই তাত প্রদাহ সৃষ্টি কৰিব পাৰে৷ 

খাদ্যনলীৰ ওপৰ অংশতcrico pharyngeal নামৰ এবিধ মাংসপেশী থাকে৷ ভাইৰাছবিধে এই মাংসপেশী আক্রান্ত কৰি তাত প্রদাহৰ সৃষ্টি কৰিব পাৰে৷ যাৰ ফলত মানুহজনে ডিঙিৰ ভিতৰত বিষ অনুভৱ কৰিব পাৰে লগতে ডিঙিৰ ভিতৰত কিবা বস্তু লাগি থকা যেন অনুভৱ হ’ব পাৰে আৰু খাদ্য বস্তু গিলিবলৈ অসুবিধা অনুভৱ কৰিব পাৰে৷ ইয়াৰ পিছত ভাইৰাছ গৈ খাদ্যনলী আৰু পাকস্থলীৰ লগত লগ লাগি থকা অংশত যাকgastro-esophageal junction বুলি কোৱা হয় তাত প্রদাহ সৃষ্টি কৰি সেই অংশটোৰ শিথিলতাৰ সৃষ্টি কৰিব পাৰে৷ ফলত ৰোগীজনে বুকু জ্বলা–পোৰা heart burn) অনুভৱ কৰিব পাৰে আৰু শুই থকা অৱস্থাত পাকস্থলীৰ পৰা এচিড খাদ্যনলীয়েদি ওপৰলৈ ওলাই আহিব পাৰে যাক আমিgastro-esophageal reflux বুলি কওঁ৷ ভাইৰাছ যেতিয়া পাকস্থলীত প্রৱেশ কৰে তাত গৈ ইgastritis উৎপন্ন কৰিব পাৰে৷ অর্থাৎ পাকস্থলীৰ ভিতৰত প্রদাহ উৎপন্ন কৰিgastric pain আৰু এচিডিটিৰ উৎপন্ন কৰিব পাৰে৷ তাৰ পিছত ভাইৰাছবিধে ক্ষুদ্রান্ত্রত প্রৱেশ কৰিব৷ 

ক্ষুদ্রান্ত্রৰ তিনিটা অংশ থাকে – ডুৱডেনাম, জেজুনাম আৰু ইলিয়াম৷ ভাইৰাছ ডুৱডেনামত প্রৱেশ কৰি এই অংশত প্রদাহ duodenitis) সৃষ্টি কৰিব পাৰে৷ ডুৱডেনামৰ পৰাই এই ভাইৰাছ ডুৱডেনামৰ গাতে লাগি থকা অগ্ণাশয় Pancreas)ত প্রৱেশ কৰি তাত প্রদাহ Pancreatitis) সৃষ্টি কৰিব পাৰে৷ ডুৱডেনামৰ পিছত যদি ভাইৰাছ গৈ ক্ষুদ্রান্ত্রৰ জেজুনাম অংশ পায় সেই অংশত প্রদাহ সৃষ্টি কৰিব পাৰে৷ যাৰ ফলত মানুহজনৰ ডায়েৰীয়া হ’ব পাৰে৷ এই ডায়েৰীয়াত মানুহজনৰ খুব পাতল পায়খানা হ’ব পাৰে, কিন্তু তল পেটৰ বিষ নাথাকে আৰু মানুহজনে ক’ব নোৱাৰাকৈয়ে পাতল পায়খানা হৈ যাব পাৰে৷ ইয়াৰ পিছত ভাইৰাছ ক্ষুদ্রান্ত্রৰ শেষ অংশ ইলিয়ামত প্রৱেশ কৰিব পাৰে৷ 

যিহেতু আমি খোৱা খাদ্যৰ পোষক দ্রব্যসমূহ (কার্বহাইড্রেট, প্র’টিন, ভিটামিন, খনিজ লৱণ ইত্যাদি) ক্ষুদ্রান্ত্রত অৱশোষিত হৈ আমাৰ শৰীৰৰ তেজত প্রৱেশ কৰে আৰু তাৰ পৰাই আমি আমাৰ প্রয়োজনীয় শক্তি লাভ কৰোঁ, গতিকে পাচক নলীৰ এই অংশত প্রদাহ সৃষ্টি হ’লে খাদ্যৰ পষোক দ্রব্যসমূহ অৱশোষণত বাধাৰ সৃষ্টি হয় ফলত মানুহজনে শৰীৰক প্রয়োজনীয় প্র’টিন, ভিটামিন, খনিজ লৱণ যেনে– জিংক, ফলিক এচিড ইত্যাদি লাভ নকৰিব পাৰে৷ তাৰ ফলত মানুহজন অত্যন্ত দুর্বল অনুভৱ কৰে৷

সেয়েহে ক’ৰোনা আক্রান্ত ৰোগীক অত্যধিক প্র’টিনযুক্ত খাদ্য তথা অতিৰিক্তভাৱে ভিটামিন বি ১২, ভিটামিন ডি৩, জিংক ইত্যাদি সেৱন কৰিবলৈ দিয়া হয়৷ লগতে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি অধিক সেৱন কৰা দৰকাৰ৷ বর্তমানলৈ লাভ কৰা তথ্যৰ পৰা জনা গৈছে যে এই ভাইৰাছবিধে ক্ষুদ্রান্ত্রৰ পিছত আৰু আগলৈ অর্থাৎ বৃহদান্ত্রলৈ আগবাঢ়ি নাযায়৷ সেয়েহে ক’ৰোনা ৰোগীৰ ক্ষেত্রত বিজলুৱা শাওযুক্ত তথা ৰক্তযুক্ত পায়খানা হোৱা দেখা নাযায় আৰু তল পেটত খামোচ মাৰি ধৰা বিষ অনুভৱ কৰা নাযায়৷

আনহাতে এই ভাইৰাছবিধ যদি শ্বাসনলীত প্রৱেশ কৰে, তেন্তে শ্বাসনলীৰ প্রথম অংশtracheaত প্রদাহৰ সৃষ্টি কৰিব পাৰে৷ যাৰ ফলত আক্রান্ত লোকজনৰ শুকান কাহ হ’ব পাৰে৷ ভাইৰাছৰ সংক্রমণ ইয়াৰ পিছতbronchi বা ক্লোমনলী নামৰ নলীত প্রদাহ bronchitis) সৃষ্টি কৰিব পাৰে আৰু শেষলৈ হাঁওফাঁওৰ ভিতৰৰ বায়ুমোনা alveoli)বিলাকত প্রদাহ alveolitis) সৃষ্টি কৰিব পাৰে৷Alveoliবিলাকৰ পৰা আমাৰ তেজে অক্সিজেন লাভ কৰে আৰু কার্বন–ডাই অক্সাইড বাহিৰ কৰি দিয়ে৷

Alveoliবিলাক আক্রান্ত হ’লে শৰীৰত তেজে অক্সিজেন লাভ কৰাত বাধাপ্রাপ্ত হয় আৰু ফলত তেজৰ অক্সিজেনৰ পৰিমাণ কমি যায়৷ ফলত মানুহজনে উশাহ–নিশাহত কষ্ট অনুভৱ কৰে আৰু নিউমোনিয়া আৰম্ভ হয় লগতে বাহিৰৰ পৰা অক্সিজেন যোগান ধৰিবলগীয়া হয়৷ এই নিউমোনিয়াকground glass pneumonia বুলি কোৱা হয়৷ চিটি স্কেন ৰিপ’টত এই নিউমোনিয়াত অন্য নিউমোনিয়াৰ নিচিনা হাঁওফাঁওৰ গোটেইখিনি অংশ একেবাৰে ধূসৰিত hazy) হৈ নাযায়, মাজে মাজে হাঁওফাঁওৰ কিছু অংশ দৃষ্টিগোচৰ হয়৷

হাঁওফাঁওৰ পিছত এই ভাইৰাছ শৰীৰৰ সৰু সৰু ৰক্তনলিকাবিলাকত প্রৱেশ কৰি তাত প্রদাহ vasculitis) সৃষ্টি কৰিব পাৰে, যাৰ ফলত ৰক্তনলিকাবিলাকৰ ভিতৰত তেজ গোট মাৰি clotting)thrombosis নামৰ এবিধ জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ শৰীৰৰ যি যি অংগত বা অংশত আগতে উল্লেখ কৰাH2 receptor নামৰ কোষ থাকে সেই সেই অংশতে এই ভাইৰাছবিধে প্রদাহ সৃষ্টি কৰে৷ প্রদাহ সৃষ্টি কৰাৰ পিছত সেই অংশসমূহৰ পৰাinterleukin ৬ নামৰ এবিধ ৰাসায়নিক পদার্থৰ সৃষ্টি হয়, যিয়ে প্রদাহ বৃদ্ধিত অৰিহণা যোগায়৷ 

এইinterleukin-৬ যকৃত বা লিভাৰত গৈC- Reactive protein (CRP) নামৰ এবিধ প্রদাহ ৰোধকাৰী anti inflammatory) ৰাসায়নিক পদার্থৰ সৃষ্টি কৰে৷ সেয়েহে ক’ৰোনা সংক্রমণৰ সময়ত তেজত এইCRPৰ মাত্রা অধিক পোৱা যায়৷ আনহাতে ৰক্তনলিকাত তেজ গোট মৰা বাThrombosis হৈছে নে নাই আমি তেজৰD-dimer নামৰ টেষ্টৰ জৰিয়তে জানিব পাৰোঁ৷ গতিকে ক’ভিড আক্রান্ত ৰোগী বিশেষকৈ অন্য কোনো শাৰীৰিক বেমাৰ থকা ক’ভিড আক্রান্ত ৰোগীৰ ক্ষেত্রত তেজৰCRP আৰুD-dimer টেষ্ট খুবেই জৰুৰী৷ সাধাৰণতে ডায়েবেটিছ, উচ্চ ৰক্তচাপযুক্ত ৰোগী, যিবিলাক লোকৰ তেজৰ ড্রাইগ্লিচাৰাইড আৰুLDL কলেষ্টেৰলৰ মাত্রা অধিক থাকে, তেনে লোকসকল অধিক সাৱধান হোৱা দৰকাৰ৷ তদুপৰি মেদবহুল লোকসকল, যিসকল পুৰুষৰ কঁকালৰ পৰিধি diameter) ৮৫ চেণ্টিমিটাৰৰ অধিক বা মহিলাৰ কঁকালৰ পৰিধি ৮০ চেণ্টিমিটাৰৰ অধিক তেনে লোকসকলো বেছিকৈ সাৱধান হোৱা উচিত৷

হালধি সেৱন কৰিলে তেজৰCRPৰ মাত্রা কম হোৱা দেখা যায়৷ আনহাতে ইষ্ট্রজেন নামৰ হৰম’নবিধে তেজৰInterleukin–৬ নামৰ ৰাসায়নিক পদার্থবিধৰ মাত্রা ৰোধ কৰাত সহায় কৰে৷ ছয়াবিনত যথেষ্ট পৰিমাণে ফাইট’ ইষ্ট্রজেন থাকে৷ গতিকে ক’ৰোনা আক্রান্ত ৰোগীয়ে হালধিৰ লগতে ছয়াবিন সেৱন কৰা উচিত আৰু পাৰিলেbrown rice সেৱন কৰা উচিত৷ ময়দাৰ দ্বাৰা বনোৱা খাদ্য, ৰিফাইন তেল, চেনি বা চেনিযুক্ত খাদ্য পৰিত্যাগ কৰা উচিত৷ ক’লা জিৰা সেৱনৰ ফলতোinterleukin–৬ৰ মাত্রা কম হোৱা দেখা যায়৷



শেষত সকলোলৈকে এটাই আহ্বান– সকলোৱে মাস্ক ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব বজাই চলক আৰু হাতৰ চাফ–চিকুণতাৰ (and hygiene— ওপৰত গুৰুত্ব দিয়ক৷ ক’ভিড–১৯ৰ লক্ষণ দেখা দিয়াৰ তৃতীয়, চতুর্থ তথা পঞ্চম দিনটো অতিকৈ গুৰুত্বপূর্ণ৷ কাৰণ লক্ষণ দেখা দিয়াৰ লগে লগে পৰীক্ষা নকৰি আৰু সময়মতে চিকিৎসা নাপালে এই তিনিটা দিনৰ ভিতৰতে মানুহ এজনৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হ’ব পাৰে৷

-ডাঃ মুকুল শর্মা




জনহিতাৰ্থে প্ৰচাৰিত

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter:https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit:https://www.medicityguwahati.com/


Post a Comment

0 Comments