BREAKING

6/recent/ticker-posts

'অগ্নিপথ' আঁচনিৰ অধীনত মকৰল ---উপকৃত হ'ব পাৰে বঙাইগাঁৱৰ যুৱক

বঙাইগাঁও,২২জুন : কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে "অগ্নিপথ" আঁচনিৰ অধীনত 'অগ্নিবীৰ' নামেৰে এটা বাহিনী সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে।

'অগ্নিপথ' আঁচনিৰ অধীনত মকৰল ---উপকৃত হ'ব পাৰে বঙাইগাঁৱৰ যুৱক

এই আঁচনিৰ অধীনত ১৭বছৰ ৬মাহ বয়সৰ পৰা ২১বছৰ বয়সৰ যুৱকৰ বাবে ভাৰত চৰকাৰে সোনালী সুযোগ দিয়াৰ ব্যৱস্থা কৰিছে।ভাৰতীয় বায়ুসেনা বাহিনীত ৪বছৰ সময়সীমাৰ বাবে ১০+২ উত্তীৰ্ণ বা ডিপ্লমা পাঠ্যক্ৰম উত্তীৰ্ণ যুৱকক সামৰিক জীৱনৰ অভিজ্ঞতা উপলব্ধ কৰোৱা হ'ব।

"অগ্নিপথ" আঁচনিৰ অধীনত নিযুক্ত যুৱকসকলে নেতৃত্ব, দেশপ্ৰেম, সংকল্প, পৰিপক্কতা, সাহস, বন্ধুত্ব, শৃংখলা আৰু সময়মতে কাম কৰা আদি গুণ অৰ্জন কৰিব পৰা সামৰিক প্ৰশিক্ষণ লাভ কৰাৰ লগতে এই আঁচনিৰ অধীনত দেশত থকা ভাৰতীয় বায়ুসেনাত মকৰল কৰিব পৰা তীক্ষ্ণ প্ৰতিভাধৰ যুৱকৰ সন্ধান কৰা হ'ব।

বঙাইগাঁৱৰ যুৱকসকলৰ মাজতো ওলাব পাৰে এই "অগ্নিপথ" আঁচনিৰ বাবে যোগ্য অগ্নিবীৰ।সময়ে সময়ে "অগ্নিপথ" আঁচনিৰ দৃশ্য-শ্ৰাব্য,পোষ্টাৰ-গ্ৰাফিক্স আদি প্ৰচাৰ কৰা হ'ব।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীত মকৰলৰ নোডেল এজেন্সী হৈছে No.11 Airmen Selection Centre,Guwahati

Post a Comment

0 Comments