BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত লাচিত বৰফুকনৰ ৪০০তম্ জন্ম জয়ন্তী উপলক্ষ্যে চাইকেল ৰেলী, বাইক ৰেলী

বঙাইগাঁও, ২১নবেম্বৰ : বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ সহযোগত উদযাপন কৰি থকা বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০তম্ জন্ম জয়ন্তী উপলক্ষ্যে আজি ৰাতিপুৱা ৭-০০বজাত এটি চাইকেল ৰেলী উলিওৱা হয়।

Cycle and bike rally on the occasion of Lachit Borphukan 400th Birth Anniversary

জিলা উপায়ুক্ত নবদ্বীপ পাঠকে পতাকা জোকাৰি শুভাৰম্ভ কৰা এই চাইকেল ৰেলী বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ কৰি শ্বহীদ বেদী হৈ মায়াপুৰী-মহাত্মা গান্ধী পথেৰে আহি আকৌ বীৰঝৰা খেল পথাৰতেই অন্ত পৰে।

চাইকেল ৰেলীটোত বিভিন্ন স্কুল-কলেজ তথা বঙাইগাঁও ক্ৰীড়া একাডেমীৰ পৰা প্ৰায় ২০০ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।চাইকেল সমদলটি উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত শ্ৰী পাঠকে কয় যে মহান বীৰগৰাকীৰ জন্ম জয়ন্তী উদযাপনৰ জৰিয়তে বীৰ সেনানায়কগৰাকীক উঠি অহা প্ৰজন্মৰ লগত চিনাকী কৰাই দিয়াৰ লগতে তেওঁৰ নিভাজ দেশপ্ৰেম জনমানসত দাঙি ধৰি সৰ্বস্তৰত শ্ৰদ্ধা নিবেদন কৰা।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনামৰ্মে সেয়েহে অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনৰ দ্বাৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বীৰগৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰি থকা হৈছে। তদুপৰি বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী একেলগে চাইকেল সমদল কৰাৰ মাজেৰে পৰস্পৰৰ মাজত সমন্বয়ৰ ভাবো গঢ়ি উঠে।

Cycle and bike rally on the occasion of Lachit Borphukan 400th Birth Anniversary

আজিৰ চাইকেল ৰেলীত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কিশোৰ দাস আৰু অতিৰিক্ত উপায়ুক্ত মগেন নৰহেও অংশগ্ৰহণ কৰে।

আনহাতে জিলাখনৰ অধীনৰ উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্যালয়ৰ উদ্যোগত উক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক ৰেলী এটি উলিওৱা হয় টাপাট্টাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখলৈ। বাইক সমদলটি উদ্বোধন কৰে মহকুমাধিপতি ছিমি কৰণে।



Post a Comment

0 Comments