BREAKING

6/recent/ticker-posts

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত খাৰীফ মাৰ্কেটিং চিজন ২০২২-২৩ সন্দৰ্ভত শালি ধান বিক্ৰী সজাগতা

বঙাইগাঁও, ১০ নবেম্বৰ ২০২২ : বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, জিলা প্ৰশাসন, জিলা পৰিষদ, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৌজন্যত নূন্যতম সমৰ্থিত মূল্যত শালি ধান বিক্ৰীৰ ওপৰত সৃজনগ্ৰাম কৃষি চক্ৰৰ অন্তৰ্গত দেওহাটী গাওঁ- পঞ্চায়ত কাৰ্যালয়ৰ সমূহীয়া ভৱনত এক বিশেষ সজাগতামূলক সভা "খাৰীফ মাৰ্কেটিং চিজন ২০২২-২৩ (1st crop)" অনুষ্ঠিত হয় ।

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত খাৰীফ মাৰ্কেটিং চিজন ২০২২-২৩ সন্দৰ্ভত শালি ধান বিক্ৰী সজাগতা

সভাত জিলাখনৰ কৃষি, মীন পালন, হাঁহ-কুকুৰা আৰু পশুপালন কৰি কিদৰে কৃষকসকল উপকৃত হ'ব পাৰি তাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় ।

লগতে কৃষকসকলৰ লগত বিভিন্ন বিভাগৰ বিষয়াসকলে মত বিনিময় কৰে। উক্ত অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক, জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া নাদিৰা জেছমিন, জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ -সঞ্চালক পৰমেশ্বৰ ভট্টাচাৰ্য, জিলা পশুপালন বিষয়া ফাৰুক আখটাৰ, জিলা মীন উন্নয়ন বিষয়া দেৱব্ৰত দাস, মহকুমা কৃষি বিষয়া পৰেশ চন্দ্ৰ ৰায়ৰ লগতে আন বিষয়াসকল আৰু প্ৰায় ৫০০ গৰাকী কৃষক উপস্থিত থাকে।

Post a Comment

0 Comments