BREAKING

6/recent/ticker-posts

বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা সৃজনগ্ৰাম, মাণিকপুৰ আৰু বইটামাৰী ৰাজহ চক্ৰৰ বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী প্ৰদান

BONGAIGAON: 05.07.2024 : BONGAIGAON TIMES

বঙাইগাঁৱত আজি সৃজনগ্ৰাম,মাণিকপুৰ আৰু বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৩খন গাঁও বানাক্ৰান্ত হৈ আছে। তাৰে ভিতৰত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ তিনকোনীয়া তৃতীয় খণ্ড গাঁও,টাপাট্টাৰী আৰু তিনকোনীয়া দ্বিতীয় খণ্ড, মাণিকপুৰ ৰাজহ চক্ৰৰ ৩নং বাশবাৰী আৰু ২নং বাশবাৰী আৰু বইটামাৰী ৰাজহ চক্ৰৰ ইশ্বৰঝাৰী প্ৰথম খণ্ড এন চি, ইশ্বৰঝাৰী দ্বিতীয়খণ্ড এন চি, ইশ্বৰঝাৰী প্ৰথম খণ্ড, খেলুৱাপাৰা পঞ্চম খণ্ড, খেলুৱাপাৰা চতুৰ্থ খণ্ড, চলন্তাপাৰা তৃতীয় খণ্ড, ভুতকুৰা প্ৰথম খণ্ড, ভুতকুৰা দ্বিতীয়খণ্ড, ভুতকুৰা তৃতীয় খণ্ড, দীননাথপুৰ,কাবাইটাৰী চতুৰ্থ খণ্ড, কাবাইটাৰী পঞ্চম খণ্ড, খেলুৱাপাৰা ষষ্ঠ খণ্ড, ইশ্বৰ ঝাৰী দ্বিতীয় খণ্ড, খেলুৱাপাৰা সপ্তম খণ্ড, বেলতলী শিমলাৰতল, কাবাইটাৰী তৃতীয় খণ্ড আৰু ভাটিপাৰা গাঁও কেইখন আজি বানাক্ৰান্ত হৈ আছে। সৃজনগ্ৰাম ৰাজহ চক্ৰ আৰু বইটামাৰী ৰাজহ চক্ৰৰ মুঠ ৫৭৭গৰাকী পুৰুষ,৪৮৫গৰাকী মহিলা আৰু ৪৪৯টি শিশু বানাক্ৰান্ত হৈছে।

Relief material distributed among flood victims in Bongaigaon

সৃজনগ্ৰাম ৰাজহ চক্ৰৰ টাপাট্টাৰী আই টি আইত এটা আশ্ৰয় শিবিৰ আৰু তিনকোনীয়া তৃতীয় খণ্ড আৰু তিনকোনীয়া দ্বিতীয় খণ্ড গাঁৱত দুটা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।আনহাতে বইটামাৰী ৰাজহ চক্ৰৰ অধীনত মাজেৰ আলগা এম ভি স্কুল আৰু চলন্তাপাৰা এম ভি স্কুলত দুটা আশ্ৰয় শিবিৰ আৰু ভুতকুৰা তৃতীয় খণ্ড প্লেটফৰ্মত এটা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২১১গৰাকী পুৰুষ, ১৯০ গৰাকী মহিলা আৰু ১৭৭টি শিশু আশ্ৰয় শিবিৰত আছে।আনহাতে বইটামাৰী ৰাজহ চক্ৰৰ ১৩৫গৰাকী পুৰুষ,৭৯গৰাকী মহিলা আৰু ৭৫টি শিশু আশ্ৰয় শিবিৰত আছে।আনহাতে সৃজনগ্ৰামত ১০গৰাকী আৰু বইটামাৰীত ৬গৰাকী গৰ্ভৱতী তথা মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃ আশ্ৰয় শিবিৰত আছে।ইয়াৰ উপৰিও সৃজনগ্ৰাম ৰাজহ চক্ৰত ৫২০ গৰাকী লোক আৰু বইটামাৰী ৰাজহ চক্ৰৰ ১০৮গৰাকী লোকে সাহায্য বিতৰণ কেন্দ্ৰতে আশ্ৰয় লৈ আছে।

Relief material distributed among flood victims in Bongaigaon

আজি বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বানাক্ৰান্ত লোকৰ মাজত ১৭.৯কুইন্টল চাউল, ৩.৩২ কুইন্টল দাইল, ১কুইন্টল নিমখ আৰু ৯৯.৭২ লিটাৰ মিঠাতেল সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আনহাতে বইটামাৰী ৰাজহ চক্ৰৰ বানাক্ৰান্তৰ মাজত ৬.৬কুইন্টল চাউল,১.২ কুইন্টল দাইল, ৩৬কিলোগ্ৰাম নিমখ আৰু ৩৬.২৭লিটাৰ মিঠাতেল সাহায্য হিচাপে বিতৰণ কৰা হৈছে।আনহাতে বইটামাৰী ৰাজহ চক্ৰত জুলীয়া শিশু খাদ্য ৮৪পেকেট আৰু গোটা শিশুখাদ্য ৪.২০কিলোগ্ৰাম প্ৰদান কৰা হৈছে।

Post a Comment

0 Comments