BREAKING

6/recent/ticker-posts

স্বাস্থ্যখণ্ডৰ উন্নয়নক অধিক গতিশীল কৰাৰ লক্ষ্যৰে কোকৰাঝাৰ-বঙাইগাঁৱত মন্ত্ৰী অশোক সিংহল; ৫ অক্টোবৰত উদ্বোধন হ’ব বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়

কোকৰাঝাৰ/বঙাইগাঁও, ২৮ ছেপ্টেম্বৰ: ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি কোকৰাঝাৰ আৰু বঙাইগাঁৱত স্বাস্থ্যখণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শনৰ লগতে বিটিআৰৰ পাঁচখন জিলাৰ স্বাস্থ্য সেৱাৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। একেদৰে অহা ৫ অক্টোবৰত উদ্বোধন হ’বলগীয়া বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰস্তুতিৰো বুজ লোৱা হয়।

Minister Ashok Singhal Visits Kokrajhar and Bongaigaon to Accelerate Healthcare Development; Bongaigaon Medical College to Be Inaugurated on October 5

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ কাৰ্যকলাপ, ৰোগীসকলৰ বাবে উপলব্ধ সা-সুবিধা, চিকিৎসা সেৱাৰ মান আৰু আন্তঃগাঁথনিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। পৰিদৰ্শনকালত চিকিৎসা সেৱা অধিক উন্নত কৰাৰ লগতে ৰোগীসকলক গুণগত আৰু অধিক সহজলভ্য স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা বিভিন্ন বিষয়ৰ বুজ লোৱা হয়।

পৰিদৰ্শনৰ পাছত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু মুৰব্বী অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰা হয়। এই মত বিনিময়ত চিকিৎসা শিক্ষাৰ মান অধিক উন্নত কৰা, শৈক্ষিক পৰিৱেশ শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনত উন্নত শৈক্ষিক তথা চিকিৎসা পৰিৱেশ গঢ়ি তোলাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।ইয়াৰ পাছতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন বিষয় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ কাৰ্যকলাপ, চিকিৎসা সেৱাৰ মান, আন্তঃগাঁথনি, ৰোগীসকলৰ সুবিধা, মানৱ সম্পদ আৰু চিকিৎসা শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। চিকিৎসা সেৱাৰ মান অধিক উন্নত কৰা, ৰোগীসকলৰ বাবে প্ৰয়োজনীয় সুবিধা বৃদ্ধি কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনত এক উন্নত শৈক্ষিক তথা চিকিৎসা পৰিৱেশ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰা হয়।

Minister Ashok Singhal Visits Kokrajhar and Bongaigaon to Accelerate Healthcare Development; Bongaigaon Medical College to Be Inaugurated on October 5

ইফালে, বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন স্বাস্থ্য সূচক আৰু স্বাস্থ্য সেৱাৰ অগ্ৰগতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত পাঁচখন জিলাৰ স্বাস্থ্য সেৱাৰ সামগ্ৰিক পৰিস্থিতিৰ লগতে মাতৃ আৰু শিশু স্বাস্থ্য, প্ৰাতিষ্ঠানিক প্ৰসৱ, টিকাকৰণ, চিকিৎসা সেৱাৰ মান, স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি, মানৱ সম্পদ, ঔষধ-পাতি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় পৰ্যালোচনা কৰা হয়।স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰি সেইসমূহৰ সময়মতে সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ ৰাইজৰ বাবে স্বাস্থ্যসেৱা অধিক সহজলভ্য আৰু গুণগত কৰি তোলা, স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উপলব্ধ সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হয়।

আনহাতে, অহা ৫ অক্টোবৰত উদ্বোধন হ’বলগীয়া বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠান আৰু চিকিৎসা সেৱা আৰম্ভ কৰাৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ লোৱা হয়। পৰিদৰ্শনকালত চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন ভৱন, চিকিৎসা সেৱাৰ আন্তঃগাঁথনি, নিৰ্মাণকাৰ্যৰ অগ্ৰগতি আৰু উদ্বোধনী অনুষ্ঠানৰ সৈতে জড়িত বিভিন্ন প্ৰস্তুতিৰ কাম-কাজ পৰ্যালোচনা কৰা হয়
।

পৰিদৰ্শনৰ পাছতে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি, নিৰ্মাণকাৰ্যৰ অগ্ৰগতি, চিকিৎসা সেৱা আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আৰু অন্যান্য আনুষংগিক বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। উদ্বোধনৰ পূৰ্বে বাকী থকা কাম-কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ লগতে চিকিৎসা সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰা হয়।

Minister Ashok Singhal Visits Kokrajhar and Bongaigaon to Accelerate Healthcare Development; Bongaigaon Medical College to Be Inaugurated on October 5

কোকৰাঝাৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত বিটিচিৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামা মহিলাৰী, বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰূপম ৰয়, বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত দেৰহাচাত বসুমতাৰী, বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ প্ৰধান সচিব শ্ৰী মুকেশ চাহু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি. অশোক বাবু, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অতুল বড়ো, বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ নিলো ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

বঙাইগাঁৱত অনুষ্ঠিত পৰ্যালোচনা সভাত বঙাইগাঁও জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া, জ্যেষ্ঠ জিলা আৰক্ষী অধীক্ষক নোমল মাহাট্টা, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ হাৰমেন ফেৰংককে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Minister Ashok Singhal Visits Kokrajhar and Bongaigaon to Accelerate Healthcare Development; Bongaigaon Medical College to Be Inaugurated on October 5


Post a Comment

0 Comments