Momi Choudhury
14.05.2020
এই বাৰ অসমত কৰোনা সংক্ৰমণৰ মূল অভিকেন্দ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বানিজ্যিক ঘাটি গুৱাহাটীৰ ফাঁচী বজাৰ। যিটো সমগ্ৰ অসমবাসী লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাৱে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰি আছে ।
আমাৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া প্ৰকাশ কৰা মতে যোৱা কালি যি পোন্ধৰ জন ব্যক্তি কৰোনা আক্ৰান্ত হৈছে, তাৰ গোটেই কেইজনে ফাঁচী বজাৰৰ মংৰু চাহানী (50) নামৰ আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত আহিছিল । তেওঁ গুৱাহাটীৰ ফাঁচী বজাৰৰ এখন আলু গুদামৰ কৰ্মচাৰী । মংৰু চাহানী লগতে নতুনকৈ আক্ৰান্ত হোৱা পোন্ধৰ ব্যক্তি কেনেকৈ আক্ৰান্ত হল তাৰ নিদিষ্ট কোনো কন্টেক হিষ্টৰী নাই । যিটো আমাৰ অসমবাসী তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকলৰ বাৱে অতিকৈ বিপদজনক। কাৰণ গুৱাহাটীৰ ফাঁচী বজাৰক কেন্দ্ৰ কৰি গোটেই উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন ব্যৱসায় সমূহ চলি আছে । গতিকে গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা যদি #Covid-19 ৰ community transmission আৰম্ভণি হয়; সেয়া উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ বাৱে অতিকৈ বিপদজনক ।
উত্তৰ-পূৰ্বাঞ্চলত দিল্লী, মুম্বাই বা আহমেদাবাদ সদৃশ পৰিস্থিতি সৃষ্টি হবলৈ বেছিদিন নালাগিব। কাৰণ বিগত ডেৰ মাহ যোৰা লক ডাউন চলি থকাৰ পিছতো দেশত কৰোনাৰ ভয়াবহ সংক্ৰমন ৰোধ হোৱা নাই। কৰোনা এনে ভয়ংকৰ সংক্ৰমণৰ পৰা আমি বাচিব'লৈ হ'লে নিজেই সতৰ্ক হব লাগিব; তাৰ বাহিৰে বিকল্প উপায় নাই । আজি যদি আমাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সংক্ৰমণ বৃদ্ধি হয় ; তেনেহ'লে গোটেই অসমবাসী ৰাইজৰ কাৰণে বিপদ। আমি চিকিৎসাৰ পৰা আৰম্ভ কৰি সকলো যাবতীয় সুযোগ সুবিধা মহানগৰীৰ পৰাই আটাইতকৈ বেছি পাওঁ । তেনেস্থলত সেই ঠাইবোৰ যদি কৰোনা ভাইৰাচৰ সংক্ৰমণ মূল অভিকেন্দ্ৰ বা hot spot লৈ পৰিণত হয়; আমি কোনোবাই মৰিবলৈ লাগিব বিনা চিকিৎসাত আৰু আন কিছুমানে মৰিব লাগিব নাখাই । আৰু সৃষ্টি হব এক জটিল পৰিস্থিতিৰ ।
ইফালে আজি আকৌ 7 জনকৈ ব্যক্তিৰ #Covid-19 positive ধৰা পৰিছে । অবশ্যে আজি যি সাত গৰাকীকৈ মানুহৰ দেহাত কৰোনাৰ উপস্থিতি ধৰা পৰিছে তাৰ গোটেই কেইজনে মুম্বাইৰ পৰা উভতি অহা প্ৰবাসী বুলি আমাৰ স্বাস্থ্যমন্ত্ৰী ঘোষণা কৰিছে । অসমলৈ অনাগত দিনত প্ৰবাসী লোক সকলক ৰাজ্য লৈ অনাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে আহি থকা সময়চোৱাত ৰাজ্যত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাব।
এনেকুৱা এক জটিল পৰিস্থিতিত আমি সকলোৱে সতৰ্কতা অবলম্বন কৰিব লাগিব। তাৰ কাৰণে আমি সমূহ ৰাইজেই সামাজিক ভাৱে দায়বদ্ধতা নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব । ইয়েই হব কৰোনা ভাইৰাচৰ পৰা ৰক্ষা পোৱাৰ মূল নীতি । নহ'লে কোনেও আমাক কৰোনাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব নোৱাৰিব । কাৰণ চৰকাৰে চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আছে। আমিও আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি দায়বদ্ধ নাগৰিকৰ পৰিচয় দিব লাগিব। আমি নিজেই বাচিব লাগিব আৰু সমাজ খনকো বচাব লাগিব ।
-Momi Choudhury
~-~-~-~-~-~-~-~-~-~-~-
0 Comments
Please do not enter any Spam Link in the comment box.