BONGAIGAON TIMES: ASSAM: 16.09.2020
Credit: Time8
কাইলৈ বিশ্বকৰ্মা পূজা আৰু আহি আছে দুৰ্গা পূজা। ইয়াৰ বাবে প্ৰশাসনে বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে ৰাইজৰ বাবে।
পূজা পাণ্ডালৰ আশে-পাশে লগাব নোৱাৰিব কোনোধৰণৰ মেলা। পথৰ কাষত লগাব নোৱাৰিব কোনো অস্থায়ী পেণ্ডেল।
পূজা পেণ্ডেলত ৩০জনকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে।
সামাজিক দূৰত্ব মানি পূজা স্থলীত সৰ্বাধিক ২০জন ভক্তৰ সমাগমৰ অনুমতি প্ৰদান কৰা হৈছে।
মুখত মাস্ক পৰিধান নকৰাকৈ আৰু হেণ্ড ৱাছেৰে হাত নুধুৱাকৈ প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।
পূজা মণ্ডপৰ ভিতৰত পূজা কমিটিয়ে হেণ্ডৱাছ আৰু ছেনিটাইজেচন কৰাৰ সকলো সুবিধা প্ৰদান কৰিব।
বিসৰ্জনৰ বাবে উলিয়াব নোৱাৰিব কোনো সমদল। ৫জন লোকেহে প্ৰতিমা বিসৰ্জনত অংশ গ্ৰহণ কৰিব পাৰিব।
পূজা পেণ্ডেলত থাকিব লাগিব থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা।
কোনো লোকৰ কৰ’ণাৰ লক্ষণ থাকিলে কাষৰে স্বাস্থ্য কেন্দ্ৰক জনোৱা পৰামৰ্শ প্ৰদান কৰা হৈছে।



0 Comments
Please do not enter any Spam Link in the comment box.