BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত অমৃত বৃক্ষ আন্দোলন - ২০২৪ ৰ শুভাৰম্ভণি

BONGAIGAON TIMES: BONGAIGAON: 1st AUGUST 2024
মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰ আৰম্ভ কৰা" অমৃত বৃক্ষ আন্দোলন"ৰ পিছত এইবেলিও উক্ত অভিলাষি আঁচনিখনৰ ২০২৪ বৰ্ষৰ শুভাৰম্ভণি আজি সমগ্ৰ ৰাজ্যতে কৰা হৈছে। সেই অনুসৰি "অমৃত বৃক্ষ আন্দোলন,২০২৪"আঁচনিখন বঙাইগাঁও জিলাতো শুভাৰম্ভ কৰা হয়। জিলাখনৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। 

Amrit Brikshya Andolan starts with several programs

এই উপলক্ষ্যে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়।সভাত ভাষণ প্ৰদান কৰি জিলা উন্নয়ন আয়ুক্ত শ্ৰী দাসে কয় যে এই বছৰ জিলাখনত দহ লাখৰ পৰা প্ৰায় দহ লাখ পঞ্চাশ হেজাৰটা গছপুলি ৰোপনৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। জিলাখনৰ আই উপত্যকা বন-সংমণ্ডল, কৃষি বিভাগ, স্বাস্থ্য, বিদ্যালয়-মহাবিদ্যালয়, আৰক্ষী, উন্নয়ন খণ্ড, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গাঁও-পঞ্চায়ত, মহিলা আৰু শিশু বিকাশ , পৌৰসভা আদিকৰি বিভিন্ন বিভাগৰ সহযোগত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি আশা কৰা হৈছে বুলিও তেওঁ কয়।

Amrit Brikshya Andolan starts with several programs

আমাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্য আগত ৰাখিয়েই অমৃত বৃক্ষ আন্দোলন আঁচনিখন হাতত লোৱা বুলিও কয় জিলা উন্নয়ন আয়ুক্ত শ্ৰী দাসে।তদুপৰি "এজোপা গছ মাৰ নামত"ৰুবলৈ বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি আহ্বান সেই আহ্বানৰ প্ৰতি সন্মান জনাই সকলোকে নিজৰ মাৰ নামত একোজোপা গছপুলি ৰুবলৈ জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে অনুৰোধ জনায়। তেওঁ আৰু কয় যে গছপুলি ৰুলেই নহ’ব,গছপুলিটোৰ যত্নও ল'ব লাগিব যাতে গছপুলিটো ৰোপনৰ উদ্দেশ্য সফল হয়।

Amrit Brikshya Andolan starts with several programs

আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আই উপত্যকা বন-সংমণ্ডল প্ৰাধিকাৰী খনীন্দ্ৰ কলিতাই। সভাত বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসেও বক্তব্য ৰাখে। সভাৰ আঁত ধৰে নগৰীয়া গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়া সঞ্জীৱ দাসে।

সভাৰ আন এটি কাৰ্যসূচী আছিল বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীত।

Amrit Brikshya Andolan starts with several programs

আজিৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈ,সহকাৰী আয়ুক্ত মূৰ্চ্ছনা মালাকাৰ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক বলেন্দ্ৰ নাৰায়ণ ডেকা, উপ-আৰক্ষী অধীক্ষক, অসম গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়া প্ল'ৰাজ মুছাহাৰী, জ্যেষ্ঠ নাগৰিকৰ লগতে বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

সভাৰ শেষত উক্ত বিদ্যালয়ৰ চৌহদত জ্যেষ্ঠ নাগৰিক,জিলা উন্নয়ন আয়ুক্ত,পৌৰপতি, আই উপত্যকা বন-সংমণ্ডলৰ প্ৰাধিকাৰী আদিকৰি কেবাজনো লোকে গছপুলি ৰোপন কৰে।


Post a Comment

0 Comments