BREAKING

6/recent/ticker-posts

বঙাইগাঁও জিলাত কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ শেষকৃত্যৰ সমস্ত খৰচ বহন কৰিব প্ৰশাসনে।

Bongaigaon times: Bongaigaon: 20/05/2021

কোভিডত মৃত্যু হোৱা বহু লোকৰ পৰিয়ালৰ হয়তো শেষকৃত্যৰ ব্যয় বহন কৰাৰ সামৰ্থ্য নাই।গতিকে বঙাইগাঁও জিলা প্ৰশাসনে কোভিডত মৃত্যু হোৱা দুৰ্ভগীয়া লোকৰ শেষকৃত্যৰ ব্যয় বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


Bongaigaon district Administration decides to bear cost of last rites of Covid-19 victims

সম্প্ৰতি কোভিড মহামাৰীয়ে মানুহৰ জীৱনলৈ বিভীষিকা নমাই আনিছে । বহু লোকৰ মৃত্যু ঘটিছে। বঙাইগাঁৱতো বহু কেইগৰাকী লোকৰ কোভিডত মৃত্যু হৈছে। 

কোভিডত মৃত্যু হোৱা বহু লোকৰ পৰিয়ালৰ হয়তো শেষকৃত্যৰ ব্যয় বহন কৰাৰ সামৰ্থ্য নাই।গতিকে বঙাইগাঁও জিলা প্ৰশাসনে কোভিডত মৃত্যু হোৱা দুৰ্ভগীয়া লোকৰ শেষকৃত্যৰ ব্যয় বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এক বিবৃতিযোগে জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়া, আই এ এচ য়ে জানিবলৈ দিয়ে যে এতিয়াৰ পৰা বঙাইগাঁও জিলা প্ৰশাসনে কোভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ ব্যয় বহন কৰিব, মৃতকৰ পৰিয়ালে কোনো খৰছ বহন কৰিব নালাগে। 

সংশ্লিষ্ট চক্ৰ বিষয়াৰ হাতত জিলা প্ৰশাসনে ইয়াৰ বাবে আৱশ্যকীয় ধন প্ৰদান কৰিব।এইক্ষেত্ৰত এখন কমিটী গঠন কৰা হৈছে। 

অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াক সভাপতি আৰু জিলাখনৰ চক্ৰ বিষয়াসকল,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়াক সদস্য হিচাপে লৈ এখন কমিটী গঠন কৰা হৈছে। 

মৃতদেহ কঢ়িয়াবলৈ তিনিখন এম্বুলেন্সো ঠিক কৰা হৈছে। ইয়াৰে ভিতৰত এখন বঙাইগাঁও পৌৰসভাই, এখন অভয়াপুৰী পৌৰসভাই আৰু তৃতীয়খন এম্বুলেন্স স্বাস্থ্য বিভাগে যোগান ধৰিব।


ENGLISH:

Bongaigaon District Administration hereby informs that in the unfortunate event of demise of a COVID patient, expenses of the last rites will be borne by the District Administration. 

The family of the deceased would not be required to pay any money for performing last rites. District Administration will provide required fund to the respective Circle Officers for the purpose. 

In this regard, a committee has also been constituted with ADC &CEO,DDMA as Chairman and Circle Officers of the district , Jt. Director Health Services and Executive Officers, Municipal Boards as members.

Three ambulances have been earmarked for carrying dead bodies, one from Bongaigaon Municipality, one from Abhayapuri Municipality and one from Health Department.


Post a Comment

0 Comments