BREAKING

6/recent/ticker-posts

শিশু সুৰক্ষা সম্পৰ্কত বঙাইগাঁৱত আয়োগৰ সজাগতা সভা

বঙাইগাঁও, ২ডিচেম্বৰ : আজি ইংৰাজী ২ ডিচেম্বৰ, ২০২২ তাৰিখে বঙাইগাঁও কলেজত শিশু সুৰক্ষা সম্পৰ্কত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়।

District level awareness program on child protection at Bongaigaon

এই সভাখন ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগ আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰা হয় । আৰু সম্পূৰ্ণৰূপে সহযোগ কৰে বঙাইগাঁও জিলা প্ৰশাসনে। এই সভাখনৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ চায়েস্হা শ্বাহ, অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ ৰুপা হাজৰিকা, বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱাল, অতিৰিক্ত উপায়ুক্ত জেনিফাৰ য়াচমিন চৌধুৰীৰ লগতে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আৰু অনান্য অনুষ্ঠানৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

এই সভাৰ মুখ্য উদ্দেশ্য হ'ল শিশু সৰবৰাহ বন্ধ কৰা আৰু বিভিন্ন ধৰণৰ নিচাযুক্ত বস্তুৰ পৰা শিশু সকলক সুৰক্ষা প্ৰদান কৰা।লগতে যুটীয়া কৰ্ম আঁচনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় সভাত। ইয়াৰ উপৰিও বিশিষ্ট ব্যক্তিসকলে ওপৰোক্ত বিষয়বস্তুৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য সহকাৰে তেওঁলোকৰ বহুমুলীয়া ভাষণ দাঙি ধৰে।



Post a Comment

0 Comments